হোজাইত নৃশংস হত্যাকাণ্ড

আমাৰ সময় ; প্ৰশান্ত দত্ত ; ১৯ নৱেম্বৰ : হোজাইত নৃশংস হত্যাকাণ্ড । নিজ খুড়াকে হত্যা কৰিলে ভটিজাকক ৷ হোজাইৰ দক্ষিন আশী নগৰত সংঘটিত হ’ল এক নৃশংশ হত্যাকাণ্ড। নিজ খুড়াকে হত্যা কৰিলে ভটিজাকক ৷ অঞ্চলটোৰ সূৰজ আলি নামৰ লোকজনে হত্যা কৰিলে নিজ ভটিজাক জাকীৰ হুচেইনক ৷
যোৱা নিশা প্ৰায় দুই বজাত চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে জাকীৰ হুচেইনক ৷ পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ হত্যাকাণ্ডটো সংঘটিত কৰিয়েই হত্যাকাৰী সুৰজ আলিয়ে হোজাই থানাত আত্ম সমৰ্পন কৰে ৷ হোজাই আৰক্ষী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷