ৰাজ্যখনত পুনৰ সৰৱ কা বিৰোধি সংগ্ৰাম

আমাৰ সময় ; ১৯ নৱেম্বৰ : ৰাজ্যখনত পুনৰ সৰৱ কা বিৰোধি সংগ্ৰাম | কৰণাৰ বাবে স্তিমিত হৈ পৰা কা বিৰোধী প্ৰতিবাদী সংগ্ৰাম পুনৰ সৰৱ হৈ পৰে যোৰহাটত | ৰাজ্যখনত পুনৰ আৰম্ভ হৈ পৰিছে কা বিৰোধী আন্দোলন ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠন সৰব হৈ পৰিছে কা’ৰ বিৰুদ্ধে ৷
যোৱা ১৮ নৱেম্বৰত যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত যোৰহাট কা-বিৰোধী ঐক্যমঞ্চই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ সংগঠনটোৱে কা-বাতিল, অখিল গগৈ আৰু দেবাংগনা কলিতাৰ মুক্তিৰ দাবী জনোৱাৰ লগতে সাংবাদিক হত্যা, সাংবাদিক নিৰ্যাতন, সাম্প্ৰদায়িকৰণ আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে গ্ৰহন কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী ৷