অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

0
90

অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ

আমাৰ সময়ঃ মূল্যবৃদ্ধিয়ে ৰামটাঙোন সুধাইছে জনসাধাৰণক । সেয়ে আজি দেশজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ।একেদৰে হোজাই জিলা কংগ্ৰেছ কৰ্মীসকলেও সাব্যস্ত কৰিছে প্ৰতিবাদ ।হোজাই পেট্ৰ’ল পাম্পৰ সমুখত বহি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল জিলা কংগ্ৰেছ কমিটিক । এই প্ৰতিবাদী কার্যসূচীত ভাগ লয় হোজাই জিলাৰ কংগ্ৰেছৰ কৰ্মীসকল । কংগ্ৰেছ কৰ্মীসকলে বিজেপি লেই-লেই ,চেই-চেই, নৰেন্দ্ৰ মোদী হায় হায় আদি ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ ।ক্ৰমাৎ বৃদ্ধি পোৱা এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে কংগ্ৰেছ কৰ্মীসকলে।

হোজাই, প্ৰশান্ত দত্ত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here