অসম জাতীয় পৰিষদৰ খুমটাই সমষ্টিৰ আহ্বায়ক সমিতি গঠন

0
244

আমাৰ সময় ; নিৰঞ্জন দাস ; ৭ ডিচেম্বৰ : অসম জাতীয় পৰিষদৰ খুমটাই সমষ্টিৰ আহ্বায়ক সমিতি গঠন ৷ আগন্তুক বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ, খুমতাইত বিজয় ধ্বজ্জা উৰুওৱাৰ প্ৰস্তুতি।। যোৱা ৬ ডিচেম্বৰত অসম জাতীয় পৰিষদৰ খুমতাই সমষ্টিৰ আহ্বায়ক সমিতি গঠন আৰু যোগদান সমাৰোহ কাৰ্যসূচী গনকপুখুৰী চৰলা তিনিআলিত অনুষ্ঠিত হয়।সভাত প্ৰায় শতাধিক অন্যান্য ৰাজনৈতিক দলৰ কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰি আগন্তুক দিনত আঞ্চলিকতাবাদী ৰাজনীতিক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ হয়।
উক্ত যোগদান কাৰ্যসূচীত উপস্থিত আছিল অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞা, অদিপ কুমাৰ ফুকন, কেন্দ্ৰীয় মূখ্য আহ্বায়ক ৰাজু ফুকন, জনপ্ৰিয় গায়ক বিপুল চেতিয়া ফুকনকে আদি কৰি অন্যান্য নেতা কৰ্মী ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here