অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী মন্তব্য অ গ প ক নতুন ৰূপত সজাই তোলা হব

0
338

আমাৰ সময়; ১আগষ্ট ২০২০:অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী মন্তব্য অ গ প ক নতুন ৰূপত সজাই তোলা হব||  নিৰ্বাচন খেলিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে ।
মঙলদৈ সাহিত্য সভা ভৱনত আজি জিলাখনৰ একাংশ বিশিষ্ট ব্যক্তিৰে ৰাজনৈতিক দিশৰ ওপৰত ৰাজহুৱা ভা্ৱে পয্যালোচনা কৰি আঞ্চলিক ৰাজনীতিৰ ধাৰা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ডঃ পৰমানন্দ ৰাজবংশীয়ে । জন্মৰ সময়ৰে পৰা জড়িত আঞ্চলিক দলটোক এতিয়া এচামে দুৱন্ত নাও বুলি অভিহিত কৰা কাৰ্যক দুৰ্ঘোৰ বিৰোধিতা কৰি দুবিবলৈ ধৰা নাওখনক কেতিয়াও ডুবিবলৈ দিয়া নহব সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ড০ ৰাজবংশীয়ে । সন্মান সহকাৰে টিকট দিলেহে নিৰ্বাচন খেলিব বুলি মত প্ৰকাশ কৰে ডঃ পৰমানন্দ ৰাজবংশীয়ে। এই কথাও তেওঁ সাংবাদ মাধ্যমৰ আগত সদৰী কৰে । অৱসৰী আৰক্ষী বিষয়া পৱিত্ৰ কুমাৰ শৰ্মাই আতধৰা আৰু অ গ প নেতা হবিবৰ ৰহমান , দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰামচন্দ্ৰ ডেকাকে ধৰি বহু কেইগৰাকী লোক উপস্থিত থকা পয্যালোচনা সভাখনত নৱেম্বৰ মাহৰ ভিতৰত আনুষ্ঠানিক ভাৱে দলটোত যোগদান কৰাৰ ইংগিত দিয়ে ড০ পৰমানন্দ ৰাজবংশীয়ে। ছিপাঝাৰ আৰু কলাইগাঁওত ঘৰ থকা ডঃ ৰাজবংশীক দলে যিটো সমষ্টিৰ পৰা টিকট দিয়ে সেই সমষ্টিৰ পৰাই নিৰ্বাচন খেলিবলৈ প্ৰস্তুত ডঃ ৰাজবংশীয়ে

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here