আকৌ ক’ত কেনেদৰে সংঘটিত হ’ল নাৰী নিৰ্যাতন ?

0
109

ধৰ্ষণ,নাৰী নিৰ্যাতনৰ যেন অন্ত নাই

আকৌ ক’ত কেনেদৰে সংঘটিত হ’ল নাৰী

 আমাৰ সময়ঃ কৰ’ণাৰ ভয়াৱহতাৰ মাজতে চৰাইদেউ জিলাৰ বৰহাটত সংঘটিত হ’ল এক ঘৃণনীয় কাণ্ড ৷ এগৰাকী মহিলাক দুই লম্পটৰ শ্লীলতাহানি ৷ ঘটনাৰ বিৱৰণী অনুসৰি বৰহাটৰ এখন গাঁৱৰ এটা পৰিয়ালৰ তিনিগৰাকী লোক বিগত ১৭মে’ৰ পৰা ক’ভিড পজিটিভৰ বাবে সাপেখাটী ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ ইয়াৰে এগৰাকী মহিলা আৰু এগৰাকী যুৱতীক কালি আবেলি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় । কিন্তু চিকিৎসালয়খনে তেওঁলোকক যাতায়াতৰ কোনো ব্যৱস্থা কৰি নিদিয়াত প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বৰ ঘৰলৈ খোজ কাঢ়ি আহিব লগা হয় ৷ তেনেদৰে আহি থাকোতেই আবেলি বৰহাট বাগিছাৰ সমীপত দুই লম্পটে বাটতে আগছি ধৰে যুৱতী আৰু মহিলাগৰাকীক ৷যুৱতীগৰাকীয়ে কোনোমতে পলাই যাবলৈ সক্ষম হয় যদিও আনগৰাকী মহিলাক দুই লম্পটে পথৰ কাষৰে হাবিলৈ নি দলবদ্ধভাৱে শ্লীলতা হানি কৰাৰ অভিযোগ ভুক্তভুগী মহিলাগৰাকীৰ ৷
আন যুৱতীগৰাকীয়ে সমীপৰে কিছু লোকক ঘটনাটো অৱগত কৰাত আৰক্ষীক খবৰ দিয়ে ৷ বৰহাট আৰক্ষীয়েও তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ হাবিৰ মাজৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও আৰক্ষী অহাৰ উমান পাই দুই লম্পট পলাই সাৰিবলৈ সক্ষম হয় ৷ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আনহাতে কাৰ্ফিউ চলি থকা সময়ত এনেদৰে ক’ভিড ৰোগীক ঘৰত থোৱাৰ ব্যৱস্থা নকৰি খোজ কাঢ়ি আহিবলৈ বাধ্য কৰোৱাৰ বাবে সাপেখাটী ক’ভিড চিকিৎসালয়ৰ কতৃপক্ষকো ৰাইজে ধিক্কাৰ দিছে ৷ইফালে ঘটনাটোক গৰিহনা দি দোষীক অনতি পলমে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তুলিছে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে ৷আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা লংপেণ্ট আৰু এযোৰ চেন্দেল উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ৷

বৰহাট, তিলু লাহনৰ  ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here