আছু এৰিব নেকি ড৹ সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য্যই ?

0
215

আমাৰ সময় ; ২১নৱেম্বৰ : আছু এৰিব নেকি ড৹ সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য্যই ? আছুৰ মুখ্য উপদেষ্ঠা গৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় লোৱাৰ কথা আবেগিক ভাৱে ঘোষণা কৰিছিল আছুৰ ডুলিয়াজান অধিবেশনত ৷ যোৱা ২০ নৱেম্বৰৰ দিনা অধিবেশনত বক্তব্য ৰখাৰ মাজতে আছুৰ মজিয়াৰ পৰা আঁতৰি থকাৰ কথা ব্যক্ত কৰিছিল আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷ লগে লগে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছিল অধিৱেশনস্থলীত ৷
প্ৰতিনিধি সভাত ভাষণ আৰম্ভ কৰি আছু ত্যাগৰ কথা কবলৈ আৰম্ভ কৰাৰ সময়তে প্ৰতিনিধি সকলে ড৹ভট্টচাৰ্য্যক আছু ত্যাগ নকৰিবলৈ আহ্বান জনাই এক হুলস্থুলীয়া পৰিবেশৰো সৃষ্টি কৰে ৷ আছুৰ মজিয়াত মুখ্য উপদেষ্টা গৰাকী থাকিব নে নেথাকে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব ৷
উল্লেখ্য যে আছুৰ নেতৃত্বত ৰাজনৈতিক দল এজেপি গঠন হোৱাৰ পৰৱৰ্তী সময়ৰ পৰাই লক্ষনীয় ভাৱে মৌন হৈ আছিল ড৹ভট্টচাৰ্য্য ৷ দলীয়-ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি দেশ আৰু জাতিৰ বাবে কাম কৰি যোৱাৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমক অৱগতও কৰিছিল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here