আজি পুৱাই GMCHত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0
82

আজি পুৱাই GMCHত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কেইবাটাও গুৰুত্বপূৰ্ণ কথা অৱগত কৰে সাংবাদিকৰ আগত

আমাৰ সময়ঃ কিছু সময়ৰ পূৰ্বে GMCHত উপস্থিত হৈ বুজ লয় ক’ভিড পৰিস্থিতিৰ | ৮ আৰু ১২ জুনৰ ভিতৰত দুখনকৈ ডাঙৰ হাস্পতালৰ কাম আৰম্ভ হ’ব অসমত | সৰুসজাইত DRDOৰ দ্বাৰা নিৰ্মিত হ’ব ৩০০ খন বিচনাযুক্ত চিকিৎসালয় |আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২০০খন বিচনাযুক্ত ICU নিৰ্মাণৰ কাম আৰম্ভ হ’ব |পৰ্যাপ্ত চিকিৎসক নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে আলোচনাত মিলিত হৈছে মন্ত্ৰীগৰাকীয়ে | চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে | জুন মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এই কামসমূহ | আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে |
ভেকচিন প্ৰদানৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে | জুন মাহৰ ভিতৰত ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে উপলব্ধ হ’ব ভেকচিন | ১৫ আগষ্টৰ পূৰ্বে ৩০% লোকক ভেকচিন প্ৰদানৰ লক্ষ্য | তদুপৰি আৰোগ্য নিধি আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা ৰাইজৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন ৰাইজক | ভেকচিন ক্ৰয়ৰ বাবে দুয়োটা নিধিলৈ ৰাইজে আগবঢ়োৱা মুঠ ধনৰ পৰিমাণ ৪৩ কোটি টকা |

আনহাতে বৰ্তমান অসমত অক্সিজেনৰ অভাৱ নাই বুলিও মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে |তিনিখনকৈ অক্সিজেন এক্সপ্ৰেছ ইতিমধ্যে আহি পৰিছে অসমত | আনহাতে সপ্তাহত দুখনকৈ অক্সিজেন এক্সপ্ৰেছ আহিব বুলিও জনাই মন্ত্ৰীগৰাকীয়ে | প্ৰয়োজন হ’লে প্ৰতিদিনেই আহিব অক্সিজেন এক্সপ্ৰেছ | এই কথা মুখ্যমন্ত্ৰীগৰাকীক জনায় মন্ত্ৰী পীযুষ হাজৰিকাই | এনেদৰে আজি GMCHত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই |

NEWS DESK,AMARXOMOY.

LEAVE A REPLY

Please enter your comment!
Please enter your name here