আজি NCC দিৱস || amarxomoy||

0
223

আমাৰ সময় ; অনুপজ্যোতি দাস ; ২২ নৱেম্বৰ : আজি NCC দিৱস ৷ বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালত উদযাপিত হৈছে এনচিচি দিৱস |আজি এনচিচি দিৱস ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হৈছে ৷
অভয়াপুৰী মহাবিদ্যালয়ৰ NCC গোটে এই দিৱসৰ লগত সংগতি ৰাখি এক মুকলি সভা অনুষ্ঠিত কৰে ৷ সভাত উপস্থিত থাকি মহাবিদ্যালয়খনৰ অধ্যক্ষ সদানন্দ নাথে মহাবিদ্যালয়খনৰ NCC গোটৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰে ৷ আনহাতে এনচিচিৰ বিভিন্ন কাৰ্য্যপন্থাৰ সম্পৰ্কে বক্তব্য আগবঢ়ালে NCC ৰ প্ৰাক্তন কেডাৰ কৃতিকণ ৰায়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here