আন্তৰাজ্যিক পৰ্যায়ত ফুটবল খেলি সুনাম কঢ়িয়াইছে জুৰীয়াৰ অতি পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ৰবিন বৰদলৈয়ে-AMARXOMOY

0
199
আমাৰ সময় ; ২৭  ডিচেম্বৰ : আন্তৰাজ্যিক পৰ্যায়ত ফুটবল খেলি সুনাম কঢ়িয়াইছে জুৰীয়াৰ অতি পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ৰবিন বৰদলৈয়ে ৷ জোপোহা হাবিৰ মাজতে বাঘ থাকে “সেইকথাই প্ৰতিফলিত হ’ল নগাঁও জিলাৰ জুৰীয়াত। জুৰীয়াৰ এখন ভিতৰুৱা গাঁৱ সুতিঁৰপাৰ বন গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ উৰুখা পজাঁৰ এজন প্ৰতিভাৱান যুৱক যি জন যুৱকে নিজ ভৰিৰ যাদুৰে নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰি ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলত অসমৰ হৈ খেলি নিজ পৰিয়ালৰ লগতে জুৰীয়ালৈ সুনাম কঢ়িয়াই আনিছে। দৰিদ্ৰতা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে সেই কথাই প্ৰতিফলিত হ’ল যুৱকজনৰ ক্ষেত্ৰত।
জুৰীয়া মহাবিদ্যালয়ৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ ৰবিনে ইতিমধ্য দিল্লী, উত্তৰ প্ৰদেশৰ মথুৰাত আন্ত ৰাজ্যিক পৰ্যায়ত ফুটবল খেলি নিজৰ প্ৰতিভাৰ জড়িয়তে বিশেষ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাৰ লগতে দৃষ্টি আকৰ্ষণ কৰিছে আন্তৰাষ্টীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ ৷ হিমা দাসৰ পিছত জিলাখনৰেই আন এক সুযোগ্য সন্তান ৰবিন বৰদলৈৰ কৃতিত্বই আনন্দৰ লহৰ বৈছে জুৰীয়ালৈ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here