আশীৰ্বাদ বিছাৰিলে একালৰ কলাগুৰুৰ সান্নিধ্যত থকা দেৰগাঁৱৰ বিশিষ্ট শিল্পী ভোলা হাজৰিকাৰ

0
239

আমাৰ সময় ; ১৪ নৱেম্বৰ :

আশীৰ্বাদ বিছাৰিলে একালৰ কলাগুৰুৰ সান্নিধ্যত থকা দেৰগাঁৱৰ বিশিষ্ট শিল্পী ভোলা হাজৰিকাৰ ৷ আজন্ম শিল্পী গৰাকীৰ কাষত অ’ল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমী সদস্যসকল ৷ পোহৰ উৎসৱ দীপাৱলী দিনটোতে কলাগুৰুৰ সান্নিধ্যৰে জীপাল হোৱা বিশিষ্ট শিল্পী ভোলা হাজৰিকাৰ বাসগৃহলৈ গৈ আশীৰ্বাদ বিছাৰিলে দেৰগাওঁৰ খঙ্গীয়া অ’ল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ সদস্য সকলে ৷ শিল্পীগৰাকীক সম্বৰ্দ্ধনাও জনালে একাডেমীখনৰ পৰিয়ালে ৷ সম্বৰ্দ্ধনা গ্ৰহন কৰি আৱেগিক হৈ পৰিল আজন্ম শিল্পী গৰাকী । দলটোত উপস্থিত আছিল খঙ্গীয়া অ’ল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ পৰিচালক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংস্কৃতিক বিভাগৰ গোলাঘাট জিলা চেয়াৰমেন, সমৰকলাবিদ সঞ্জীৱ বৰা সহ মাৰ্চিয়েল আৰ্ট একাডেমীখনৰ ভালে কেইগৰাকী সদস্য ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here