আৰক্ষী বিষয়াই নিজ ধেনেৰে নিৰ্মাণ কৰিলে নামঘৰ

0
56

আৰক্ষী বিষয়াই নিজ ধেনেৰে নিৰ্মাণ কৰিলে নামঘৰ

আমাৰ সময়ঃ ধেমাজি জিলাৰ চিলাপথাৰৰ আৰক্ষী বিষয়াৰ মহানুভৱতা |কামাণ্ডেণ্ট মুছলেহ উদ্দিন আহমেদে নিৰ্মাণ কৰিলে নামঘৰ | যি সময়ত সাম্প্ৰতিক সমাজখনক সাম্প্ৰদায়িক বিষ বাষ্পই আগুৰি ধৰা পৰিলক্ষিত হৈছে ; তেনে সময়তে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন হৈ ৰ’ল এগৰাকী আৰক্ষী বিষয়া । মূল্যবোধৰ অৱক্ষয় হৈছে যদিও আজিৰ যুগতো যেন অন্ত পৰা নাই মানৱতাৰ । বৰ্তমানেও এনে কিছু লোক আছে,যিসকলে সামাজিক ভেদভাৱ এৰি নিৰৱে কৰি গৈছে সমাজসেৱা । তেনে এজন লোক হৈছে ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৰ লিকাবালিত থকা ২২ নং অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট মুছলেহউদ্দিন আহমেদ । এইজন আৰক্ষী বিষয়াৰ কৃতিত্বৰ বিষয়ে জানিলে আপোনাৰো শিৰ নত হৈ পৰিব । নিজৰ একক প্ৰচেষ্টাত কোনো চৰকাৰী ধন ব্যৱহাৰ নকৰাকৈ লিকাবালিত স্থাপন কৰিছে এক বৃহৎ নামঘৰ । নামঘৰটিৰ পৰিৱেশ ইমানেই মনুমুগ্ধকৰ যে যিকোনো লোক ইয়ালৈ গ’লে ভৰি পৰিব মন ।
সাংস্কৃতিক মনৰ গৰাকী এইগৰাকী আৰক্ষী বিষয়াই কেৱল ইয়াতেই নহয় ১৯ নং অসম আৰক্ষী বেটেলিয়নত থাকোতে টেঙাখাটতো নিৰ্মান কৰি আহিছে অনুৰূপ এক নামঘৰ । তদুপৰি লিকাবালিৰ মুখ্য কাৰ্যালয়ৰ অতিথিশালাৰ কাষত নিৰ্মাণ কৰিছে মিচিংসকলৰ মুৰংঘৰৰ আৰ্হিৰে বাঁহ-টকৌপাতৰ এটি মুৰংঘৰ । ১৯৯৫ চনত অসম আৰক্ষীত যোগদান কৰা এইগৰাকী বিষয়াই কৰ্মৰ পাৰদৰ্শিতাৰ বাবে ইতিমধ্যে লাভ কৰিছে কেইবাটাও মেডেল । শেহতীয়াকৈ যোৱা ১৫ আগষ্টত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰিছে ইণ্ডিয়ান পুলিচ মেৰিট’ৰিয়াচ চাৰ্ভিছ মেডেল । গতিকে নিঃসন্দেহে এইগৰাকী আৰক্ষী বিষয়া সকলোৰে বাবে এক আদৰ্শ হৈ ৰ’ব ।

ধেমাজি, বিকাশ শইকীয়া

LEAVE A REPLY

Please enter your comment!
Please enter your name here