কচু-ঢেকীয়া বিক্রী কৰি যোগাৰ কৰে এমুঠি অন্নৰ

0
157

পথৰ কচু-ঢেকীয়া বুটলি জীৱন নিৰ্বাহ

কচু-ঢেকীয়া বিক্রী কৰি যোগাৰ কৰে এমুঠি অন্নৰ

বটদ্ৰৱাৰ গাখজুয়া গাঁৱৰ কেইটিমান শিশুৰ দুৰৱস্থা

আমাৰ সময়ঃ ক’ৰণাৰ বিভীষিকাৰ মাজত দোমোজাত দিন কটাইছে একাংশ লোকে। কোনোৱে পেটৰ তাড়নাত হাহাকাৰ কৰিছে,কোনোৱে এমুঠি অন্নৰ বাবে জোৰা-টাপলি মাৰি পেটৰ ভোক নিবাৰণ কৰিছে | ৰাজ্যত চলি থাকে আংশিক লকডাউনে কাল অমানিশা নমাই আনিছে কেইটিমান শিশুৰ ভৱিষ্যতলৈ। পথৰ দাঁতিৰ কচু-ঢেকীয়া বুটলি সেই পাচলি বিক্রী কৰি বটদ্ৰৱাৰ কেইটিমান শিশুৱে যোগাৰ কৰিছে এমুঠি অন্নৰ । পখিলা খেদা বয়সত পথৰ দাঁতিৰ কচু-ঢেকীয়া বুটলি বিক্ৰী কৰি যোগাৰ কৰিছে এমুঠি অন্নৰ । বটদ্ৰৱাৰ গাখজুয়া গাঁৱৰ কেইটিমান শিশুৱে পেটৰ তাড়নাত এইদৰে কচু-ঢেকীয়া বিক্ৰী কৰাৰ এক কৰুণ দৃশ্যই দৃষ্টি কাঢ়িছে সকলোৰে ।

দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা এই কণমানি কেইটিয়ে ক’ভিডৰ ভয়াৱহতা মাজতো প্ৰখৰ ৰ’দত এনেদৰে দুবেলা-দুমুঠি খাদ্যৰ যোগাৰ কৰা পৰিলক্ষিত হৈছে । এনেদৰে এতিয়া মহামাৰী কৰ’ণাই অমানিশা নমাই আনিছে এইসকল শিশুৰ জীৱনলৈ ।

বটদ্ৰৱাৰ,কৌশিক ফুকন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here