ক’ভিডক ৰোধিবলৈ তৎপৰ হৈ পৰিছে হোজাইৰ জিলা প্ৰশাসন

0
89

ক’ভিডক ৰোধিবলৈ তৎপৰ হৈ পৰিছে হোজাইৰ জিলা প্ৰশাসন
বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীক ক’ভিড পৰীক্ষণ

আমাৰ সময়ঃ আজিৰে পৰা ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক । হোজাই ৰেল ষ্টেচনত উপস্থিত হৈছে বিবেক এক্সপ্ৰেছেৰে কণ্যাকুমাৰীৰ পৰা অহা প্ৰায় ডেৰ শতাধিক যাত্ৰী। স্বাস্থ্য বিভাগ,আৰক্ষী আৰু হোজাই চক্ৰ বিষয়াৰ সহযোগত প্ৰতিজন যাত্ৰীক ক’ভিড প্ৰট’কল মানি শৃংখলাবদ্ধভাবে ক’ভিড টেষ্ট কৰোৱাৰ ব্যৱস্থা । লগতে হোজাই জিলাত নতুনকৈ স্থাপন কৰা আব্দুল হাচিব কুৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ যাত্ৰীসকলক। আনহাতে ক’ভিড পজিটিভ ধৰা পৰা লোকসকলক ক’ভিড কেয়াৰ চেণ্টাৰত ৰখাৰ ব্যৱস্থা জিলা স্বাস্থ্য বিভাগৰ ।
সকলো যাত্ৰীকে ৰেপিড এন্টিজেন টেষ্ট কৰাৰ লগতে RT-PCR টেষ্টো কৰা হয়।আনহাতে RT-PCR টেষ্টৰ ৰিজাল্ট নহা পৰ্যন্ত যাত্ৰী সকল থাকিব লাগিব কুৱাৰেণ্টাইন চেণ্টাৰত। বৰ্তমানলৈ ১৬৯জন যাত্ৰীৰ ভিতৰত ১১ জন যাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ লক্ষণ । এনেদৰে এতিয়া বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলক কৰ’ণা টেষ্ট কৰি মহামাৰীক ৰোধিবলৈ সষ্টম হৈ পৰিছে প্ৰশাসন ।

হোজাই,প্ৰশান্ত দত্ত

LEAVE A REPLY

Please enter your comment!
Please enter your name here