ক’ভিডমুক্ত হ’ল ১৭৩ খন গাঁওপঞ্চায়ত

0
95

ক’ভিডমুক্ত হ’ল ১৭৩ খন গাঁওপঞ্চায়ত

আমাৰ সময়ঃ ক’ভিড ব্যৱস্থাপনাক লৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ | অসমৰ চহৰ-নগৰৰ লগতে গ্ৰামাঞ্চলসমূহতো ক’ভিড নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে  | চৰকাৰৰ এই পদক্ষেপৰ বাবে ক’ভিডমুক্ত হ’ল ১৭৩ খন গাঁও পঞ্চায়ত আৰু ১৩১ খন ভিচিডিচি/ডিভিচি | ক’ভিড মুক্ত কৰাৰ বাবে সকলোৱে এতিয়া যুঁজ দিছে ক’ভিডৰ বিৰুদ্ধে ।এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সঁচাকৈ প্ৰশংসাৰ যোগ্য। এই বিভাগটোৱে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে –

  • গাঁও পঞ্চায়তৰ সকলো লোককে ক’ভিড পৰীক্ষণ আৰু প্ৰতিষেধক প্ৰদান।
  • ক’ভিড-১৯ত আক্ৰান্ত পৰিয়াললৈ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ ।
  • প্ৰতিখন গাঁও পঞ্চায়ত আৰু ভিচিডিচি/ভিডিচিত War room অৰ্থাৎ যুদ্ধ কক্ষ স্থাপন কৰা হৈছে |
  • আনহাতে গঠন কৰিছে একোটাকৈ কাৰ্য দল ।
  • প্ৰতিটো প্ৰান্ততে ছেনিটাইজেচন কাৰ্যসূচী গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই |
  • আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছে মাস্ক |ৰাজ্য চৰকাৰৰ এই সুন্দৰ পদক্ষেপে অসমৰ গ্ৰামাঞ্চলসমূহ যে ক’ভিড মুক্ত কৰি তুলিব তাৰেই এক ইংগিত বহন কৰিছে এই কাৰ্যসূচীসমূহে ।

NEWS DESK REPORT,AMARXOMOY.

LEAVE A REPLY

Please enter your comment!
Please enter your name here