কাজিৰঙা নিউজ নেটৱৰ্কৰ কাজিৰঙা বঁটা ২০১৯-২০ ঘোষণা ৷

0
233

আমাৰ সময় ; নিৰঞ্জন দাস ; ১ডিচেম্বৰ : কাজিৰঙা নিউজ নেটৱৰ্কৰ কাজিৰঙা বঁটা ২০১৯-২০ ঘোষণা ৷ কাজিৰঙা নিউজ নেটৱৰ্কে ঘোষনা কৰিলে কাজিৰঙা বঁটা ৷ ২০১৯ আৰু ২০২০ বৰ্ষৰ এই বঁটা ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ আগবঢ়াইছে ৷ বাণেশ্বৰ মহন্ত সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিক বঁটা ২০১৯ বৰ্ষৰ বাবে সাৰংগ তামুলী আৰু ২০২০ বৰ্ষৰ বাবে প্রীয়ংদ্বীপ কাকতিলৈ আগবঢ়াইছে ৷
ধনিল বৰঠাকুৰ সোঁৱৰণি শ্রেষ্ঠ নবীন সাংস্কৃতিক কর্মী বঁটা লাভ কৰিছে ২০১৯ বৰ্ষৰ বাবে অভিনেত্ৰী মৃদুস্মিতা টুইংকল আৰু ২০২০ বৰ্ষৰ বাবে মিচিং লোক শিল্পী প্রবীণ দলেই ৷
সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত সাহিত্য বঁটাৰ বাবে ২০১৯ বৰ্ষৰ বাবে পার্থৱ শইকীয়া আৰু ২০২০ বৰ্ষৰ বাবে প্লাবিতা বাঢ়ৈ নিৰ্ব্বাচিত হৈছে ৷
মহেন্দ্র নাথ শইকীয়া সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা লাভ কৰিছে বিগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থী ২০১৯ বৰ্ষৰ মণিকা বৰা আৰু ২০২০ বৰ্ষৰ অন্বেষা কাশ্যপে ৷ আনহাতে ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণি গােলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা লাভ কৰিছে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা ২০১৯ বৰ্ষৰ উপাসনা মুদৈ আৰু ২০২০ বৰ্ষৰ হৰিদ্ৰা বৰাই ৷ অহা ১৬ ডিচেম্বৰত বঁটা বােকাখাতৰ টেচক’ ৰিজৰ্টত প্রদান কৰিব বুলি জানিব পৰা গৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here