কা’ৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন

0
325

আমাৰ ; সময় ১৯ নৱেম্বৰ : কা’ৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন ৷ যোৱা ১৮ নৱেম্বৰত গোলাঘাটতো কা” প্ৰত্যাহাৰ আৰু চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰক্ৰিয়া অনতিপলমে সম্পূৰ্ণ কৰা আৰু কা’ বিৰোধী সকলো কাৰাবন্দীক অতি শীঘ্ৰে মুক্তি দিয়া আৰু সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ দাবীত চি পি আই, চি পি এম , আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাকে আদি কৰি বহুকেইটা দল সংগঠনে কৰিলে তীব্ৰ প্ৰতিবাদ ৷
গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়নৰে প্ৰতিবাদী সকলে কা’ বিৰোধী কাৰাবন্দীক অতি শীঘ্ৰে মুক্তি দিয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here