কেজৰিৱাল চৰকাৰৰ পিছত অসম চৰকাৰৰ বৃহৎ ঘোষণা

0
102

কেজৰিৱাল চৰকাৰৰ পিছত অসম চৰকাৰৰ বৃহৎ ঘোষণা

আমাৰ সময়ঃ দৰিদ্ৰ পৰিয়ালক ২০০০কৈ টকা দিব অসম চৰকাৰে । অসমৰ বিভিন্ন জিলাৰ কণ্টেইনমেণ্ট জ’নত থকা দৰিদ্ৰ পৰিয়ালৰ বাবে এই সকাহ প্ৰদান অসম চৰকাৰৰ । যোগান ধৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ |ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক সংবাদমেল পাতি বৃহৎ ঘোষণা কৰিছিল । কৰ’ণাসৃষ্ট জটিল ক্ষণত দিল্লীবাসীক সকাহ প্ৰদান কৰিছিল কেজৰিৱাল চৰকাৰে | সেই বৃহৎ ঘোষণাত কি কি আছিল ? •ক’ৰণাৰ সন্ত্ৰাসত অনাথ হোৱা শিশুসকলক মাহে ২৫০০ টকাকৈ সাহায্য প্ৰদান |
•অনাথ শিশুটি ২৫ বছৰ বয়সলৈকে সাহায্য প্ৰদান কৰাৰ লগতে বিনামূলীয়া শিক্ষা প্ৰদান কৰিব দিল্লী চৰকাৰে |
•ক’ভিডত নিহত হোৱা পৰিয়াললৈ ৫০,০০০ টকাৰ সাহায্য প্ৰদান |
•পৰিয়ালৰ উপাৰ্জনকাৰীৰ মৃত্যু হ’লে মাহে ২৫০০ টকা লাভ কৰিব পৰিয়ালটোৱে ।
•দিল্লীৰ লক্ষাধিক পৰিয়াললৈ ১০ কেজিকৈ বিনামূলীয়া ৰেচন প্ৰদানৰ ঘোষণা দিল্লী চৰকাৰৰ |

ইয়াৰ পিছতে অসমবাসীক কিছু সকাহ প্ৰদান কৰিবলৈ সাজু হৈছে অসম চৰকাৰ ।
•প্ৰতিটো দৰিদ্ৰ পৰিয়ালক ২০০০কৈ টকা দিব অসম চৰকাৰে ।
•অসমৰ বিভিন্ন জিলাৰ কণ্টেইনমেণ্ট জ’নত থকা দৰিদ্ৰ পৰিয়ালৰ বাবে এই সকাহ প্ৰদান অসম চৰকাৰৰ ।•যোগান ধৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ । এই ধন অথবা সামগ্ৰী জিলা উপায়ুক্তই চক্ৰ বিষয়াৰ জৰিয়তে প্ৰদান কৰিব |  নিৰ্ধাৰিত সামগ্ৰীসমূহৰ ভিতৰত আছে-
•চাউল-১৫ কেজি
•২ কেজি দাইল
•মিঠাতেল- ২ লিটাৰ
•নিমখ-১ কেজি
•৫ কেজি আলু
•২ কেজি পিয়াঁজ

এই সামগ্ৰীসমূহৰ মূল্যও নিৰ্ধাৰণ কৰি দিছে চৰকাৰে ।
•৫০০ টকা হ’ব চাউলৰ মূল্য |
•দাইলৰ মূল্য হ’ব ৩০০ টকা |
•মিঠাতেলৰ মূল্য ৩০০ টকা |
•১ কেজি নিমখৰ বাবদ দিয়া হ’ব ৩০ টকা |
•৫ কেজি আলুৰ বাবদ ১৫০ টকা |
•২ কেজি পিয়াঁজৰ বাবদ ১২০ টকা |
আনহাতে শাক-পাচলি,কণী,গাখীৰ ইত্যাদিৰ বাবে ৩০০ টকা ধার্য কৰাৰ লগতে অন্যনা অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবদ ৩০০ টকা প্ৰদান কৰা হ’ব । ১৪ দিনৰ বাবে এই সাহায্য প্ৰদান কৰা হ’ব ।

News desk report.amar xomoy

LEAVE A REPLY

Please enter your comment!
Please enter your name here