কোকিলাৰ নাম্বাৰপাৰাত প্ৰচণ্ড মাৰপিট

0
82

কোকিলাৰ নাম্বাৰপাৰাত প্ৰচণ্ড মাৰপিট

পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হয় এই মাৰপিট

আমাৰ সময়ঃ যোৱা দেওবাৰে আবেলি বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডত প্ৰচণ্ড মাৰপিট । পাৰিবাৰিক কন্দলৰ ফলত সংঘটিত হয় এই প্ৰচণ্ড মাৰপিটৰ ঘটনা । জানিব পৰা মতে নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ খয়ৰুদ্দিনৰ লগতে তেওঁৰ পুত্ৰই প্ৰচণ্ড মাৰপিট কৰি সাতজনকৈ লোকক আঘাতপ্ৰাপ্ত কৰে । এই মাৰপিটৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । উল্লেখ্য যে প্ৰায় এবছৰ পূৰ্বে সামেজ উদ্দিনৰ পত্নীয়ে সামেজ উদ্দিনক এৰি মকিবুলৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। সেই ঘটনাৰ আলম লৈ পৰিকল্পিতভাৱে কালি মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। প্ৰচণ্ড মাৰপিটৰ ফলত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় । বয়োজ্যেষ্ঠ মহিলাৰ লগতে গৰ্ভৱতী মহিলাও আঘাতপ্ৰাপ্ত হয় এই ঘটনাত । আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
প্ৰাথমিক চিকিৎসা সমাপ্ত কৰি কোকিলা আৰক্ষী নিৰীক্ষণ চকীত গোচৰ দিবলৈ যোৱাত আৰক্ষীয়ে অভব্য আচৰণ কৰাৰ লগতে লাঠিৰে মাৰপিট কৰি থানাৰ পৰা উলিয়াই দিয়াৰ অভিযোগ তুলিছে ভূক্তভোগী লোক সকলে।

কোকিলা,ইয়াছিন আলী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here