বটদ্ৰৱাৰ নৰোৱা সত্ৰত এজন ভকতে উদযাপন কৰিলে পালনাম

0
77

বটদ্ৰৱাৰ নৰোৱা সত্ৰত এজন ভকতে উদযাপন কৰিলে পালনাম

আমাৰ সময়ঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ মূল উৎসসমূহৰ ভিতৰত অন্যতম এক উৎসৱ হ’ল নৰোৱা সত্ৰৰ পালনাম মহোৎসৱ। এই পালনাম ১৬৫৬ খ্রীষ্টাব্দৰ পৰা প্ৰতি বছৰে বৌদ্ধ পূৰ্নিমাৰ দিনটোত উদযাপন কৰা হয় ।প্ৰতি বছৰে আজিৰ দিনটোত এই বৌদ্ধ পূৰ্নিমা উপলক্ষে হেজাৰ হেজাৰ ভক্ত-বৈষ্ণৱৰ উপস্থিতিত বটদ্ৰৱা থানত সৃষ্টি হয় উখল-মাখল পৰিৱেশৰ ।৭ দিনীয়াকৈ অনুষ্ঠিত হয় এই পালনাম ।
কিন্ত কৰ’ণা মহামাৰী বাবে বটদ্ৰৱা থানৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে মাত্ৰ এজন ভকতে চৈধ্য প্ৰসংগ কৰি উদযাপন কৰিব লগা হৈছে এই বৌদ্ধ পূৰ্নিমা ।ক’ভিডৰ এই দ্বিতীয় ঢৌৱে ভয়াৱহতাৰ সৃষ্টি কৰা সময়তে চৰকাৰে বান্ধি দিয়া নিৰ্দেশনা মানি চলি আজি পৱিত্র বৌদ্ধ পূৰ্নিমা উপলক্ষে বটদ্রৱা থানৰ কীৰ্তনঘৰত মাত্ৰ এগৰাকী ভকতৰ দ্বাৰা নাম প্ৰসংগৰ মাজেৰে উদযাপন হৈছে বৌদ্ধ পূৰ্নিমা।

বটদ্ৰৱা,কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here