গোলাঘাটত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ গ্ৰন্থ উন্মোচন ৷

0
373

আমাৰ সময় ; নিৰঞ্জন দাস ; ১ডিচেম্বৰ : গোলাঘাটত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ গ্ৰন্থ উন্মোচন ৷ লেখক অৰুণ গোস্বামীয়ে উন্মোচন কৰে গ্ৰন্থখন ৷ গোলাঘাটত গ্ৰন্থ উন্মোচন ৷ যোৱা ২৮ নম্বেৱৰত গোলাঘাট জিলা সাহিত্য সভাৰ সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত অনুষ্ঠিত এক সভাত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ ” সাম্প্ৰতিক সময় আৰু কিছু চিন্তা ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয় ।
গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীবী, লেখক অৰুণ গোস্বামীয়ে । সভাত জেষ্ঠ সাংবাদিক বিকাশ শৰ্মা , বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সভাপতি অতুল গোহাঁই , সম্পাদক অভিজিৎ বৰা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক জিতুল ৰাজখোৱা , বিশিষ্ট চিকিৎসক ডাঃ বিপুল দাস আদিকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে । লেখক গৰাকীৰ বিভিন্ন কাকত আলোচনীত ভিন্ন সময়ত প্ৰকাশিত ৩২ টা প্ৰবন্ধৰ একত্ৰিত সংকলন এই গ্ৰন্থ খনি প্ৰকাশ কৰি উলিয়াইছে ৰণাংগন প্ৰকাশনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here