গোলাঘাট নগৰৰ অমৰ হাজৰিকা নামৰ এজন ব্যক্তি সন্ধানহীন || AMARXOMOY ||

0
323

আমাৰ সময় ; নিৰঞ্জন দাস ; ৬ ডিচেম্বৰ  : দেউতা তুমি সোনকালে ঘৰলৈ আঁহা…. পুত্ৰৰ কাতৰ আহ্বান নিখোজ পিতৃলৈ ৷ গোলাঘাট নগৰৰ অমৰ হাজৰিকা নামৰ এজন ব্যক্তি সন্ধানহীন ৷ পত্নী আৰু পুত্ৰৰ হিয়াভঙা কান্দোন ! গোলাঘাট চহৰৰ নিকটৱৰ্তী মইনাপাৰাত নিবাসী অমৰ হাজৰিকা নামৰ এগৰাকী প্ৰায় ৩৮ বছৰ বয়সীয়া লোক যোৱা ২৮ নৱেম্বৰৰ পৰাই নিখোজ হৈ আছে ৷ পূৱাতে নিজ গৃহৰ পৰা ওলাই আহি আজি পৰ্যন্ত ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোক উদিগ্ন হৈ পৰিছে। তেওঁ উভতি আহিব বুলি বাট চাই হতাশ হৈ পৰা পত্নী গীতাঞ্জলীয়ে অৱশেষত গোলাঘাট আৰক্ষীৰ কাষ চাপিল। এটি কনমানি পুত্ৰ সন্তানৰ পিতৃ অমৰ হাজৰিকা আকস্মিক ভাৱে নোহোৱা হৈ যোৱা বিষয়টোৱে পৰিয়ালটোক হতাশ কৰি তুলিছে!
পত্নী গীতাঞ্জলীয়ে গোলাঘাটৰ সংবাদ মাধ্যমৰ কাষলৈ আহি উচুপি উঠিল। পুত্ৰ দীপকৰো কাতৰ আহ্বান ‘দেউতা তুমি সোনকালে ঘৰলৈ আহা’। যদি কোনো সদাশয় লোকে অমৰ হাজৰিকাৰ সন্ধান পাই তেন্তে 9365211605 ম’বাইল নম্বৰত অথবা সমীপৰ আৰক্ষী থানাত জনাবলৈ পত্নী গীতাঞ্জলীয়ে কাতৰ আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here