চিত্ৰকৰ্মৰ পৰিৱৰ্তে মুগা পালন কৰি জীৱন সংগ্ৰাম আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিত্ৰশিল্পীৰ

0
154

চিত্ৰকৰ্মৰ পৰিৱৰ্তে মুগা পালন কৰি জীৱন সংগ্ৰাম আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিত্ৰশিল্পীৰ

মুগা পালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কেইজনমান যুৱকৰ

চিত্ৰশিল্পী দিপাংকৰ ৰায়ৰ লগতে অভয়াপুৰীৰ আন দুজন যুৱকৰো এই প্ৰয়াস

আমাৰ সময়ঃ কৰ’ণাই জলাকলা খুৱাইছে জনসাধাৰণক | বহুতৰে সলনি হৈছে জীৱন-জীৱিকা |জীয়াই থকাৰ বাবে বহুতে বাছি লৈছে জীৱিকাৰ নতুন পথ | তেনে সময়তে বঙাইগাঁৱত কেইজনমান যুৱকৰ ব্যতিক্ৰমী চিন্তা । আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিত্ৰশিল্পী দিপাংকৰ ৰায় আৰু তেওঁৰ আন দুই বন্ধু বুদ্ধদেৱ ৰায় আৰু নিৰঞ্জন ৰায় ব্যস্ত হৈ পৰিছে মুগা পালনত ।অভয়াপুৰীৰ নয়াগাঁৱৰ গো-চৰণীয়া মুগা পামত ব্যস্ত বঙাইগাঁৱৰ এই উদ্যমী যুৱককেইজন । মেঘালয়ৰ মেন্দিপথাৰৰ পৰা মুগা আনি এতিয়া মুগা পালনত ব্যস্ত চিত্ৰশিল্পীজনৰ লগতে দুই বন্ধু ।
আনহাতে চিত্ৰশিল্পী দিপাংকৰ ৰায়ক মুগা পালন কৰাত সহায় কৰিছে নয়াগাঁৱৰ মুগা চৰণীয়া পথাৰৰ মুগা পামৰ তত্বাৱধায়ক দীপক চন্দ্ৰ দাস আৰু মেন্দিপথাৰৰ কৃষি বিজ্ঞানী মহাশংকৰে ৷ এনেদৰে এতিয়া কৰ’ণা মহামাৰীৰ জটিল সময়ত স্ব নিৰ্ভৰশীল হোৱাৰ পথ বাছি লৈছে বঙা

বঙাইগাঁও, অনুপ জ্যোতি দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here