চিৰাঙত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক

0
95

চিৰাঙত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক

সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা

আমাৰ সময়ঃ আজি বিয়লি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত উপস্থিত বিটিচি প্ৰধান প্ৰমোদ বড়ো ।জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী উপস্থিত হয় ।এই বৈঠকত ‘অৰুণোদয়’ আৰু ‘স্বয়ম’ আঁচনিৰ লগতে সাম্প্ৰতিক ক’ভিড পৰিস্থিতি আৰু জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত জিলা প্ৰশাসনৰে স’তে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।এই গুৰুত্বপূৰ্ণ বৈঠকত তেওঁক সংগ দিয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে । আনহাতে এই বৈঠকত উপস্থিত থাকে জিলা উপায়ুক্ত,জিলাখনৰ স্বাস্থ্য সেৱা বিভাগৰ বিষয়া,খণ্ড উন্নয়ন বিষয়া, ৰাজহ চক্ৰ বিষয়া আদি ।
এই সভাৰ অন্তত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত জিলাখনত অৰুণোদয় আঁচনিৰ আবেদনকাৰীৰ সংখ্যা বেছি হৈ থকা বুলি মত প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিত বাদ পৰা প্ৰকৃত হিতাধিকাৰীসকলৰ আবেদন অহা ১০ জুনৰ ভিতৰত পঞ্জীকৃত কৰিবলৈ আহ্বান জনাইছে বুলিও তেওঁ জানিবলৈ দিয়ে । ইয়াৰ বাবে জিলা প্ৰশাসনক এই দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয় । সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ লগতে বান,খহনীয়া আদি সমস্যাসমূহ বাৰিষাৰ পূৰ্বে পৰিদৰ্শন কৰি তাৰ ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।

চিৰাং,হেমলেট চন্দ্ৰ ৰায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here