চুটি ছবি ‘সুবিধাবাদী’ৰ মহুৰত সন্পন্ন

0
436

আমাৰ সময়; ৪ নৱেম্বৰ ২০২০: চুটি ছবি ‘সুবিধাবাদী’ৰ মহুৰত সন্পন্ন ৷ ছবি নিৰ্মানৰ মহঙা দিনত সুবিধাবাদীয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷সুম্দৰ লোকেচনত দৃশ্যগ্ৰহন কৰা, ভ্ৰাম্যমান জগতৰ জনপ্ৰিয় অভিনেতা, পৰিচালক, নাট্যকাৰ চম্পক শৰ্মাৰ দ্বাৰা ৰচিত আৰু প্রবাল দত্তৰ পৰিচালনাত চুটি ছবি সুবিধাবাদী আজি উন্মোচন কৰা হয়। চুটি ছবি উন্মোচনি সভাত আদৰণী ভাষণ দিয়ে শিক্ষক নিতুমণি বৰুৱাই ৷ ‘সুবিধাবাদী” চুটি ছবি খন শুভাৰম্ভ কৰে সাংবাদিক চিত্ৰ কমল বেজবৰাই।
ছবি খনত অভিনয় কৰিছে প্রবাল দত্ত, সনৎ মালাকাৰ,অপৰাজিতা গগৈ, দীপাংকৰ দত্তৰ লগতে তিতাবৰৰ ন-পুৰণি বহুতো শিল্পীয়ে ৷ ছবি খনৰ উন্মোচনী অনুষ্ঠানত বহু কেইগৰাকী ছবি অনুৰাগী উপস্থিত থাকে।
উল্লেখযোগ্য যে উদীয়মান যুৱ অভিনেতা আকাশ দত্তই ছবি খনৰ কেমেৰা, সম্পাদনা, সংগীত সুন্দৰ ভাৱে ব্যৱস্থাপনা কৰিছে।
সম্পূৰ্ণ বাস্তৱ আৰু শিল্পী ৰাজনীতিৰ ওপৰত নিৰ্মীত চুটি ছবি খন যাতে সকলো ৰাইজে আঁকোৱালি লয় তাৰে আশা কৰিছে সুবিধাবাদী চুটি ছবিৰ খনৰ শিল্পী কলাকুশলী সকলে। শিল্পী সকলে প্ৰাণ ঢালি অভিনয় কৰা ছবিখন দৰ্শক সকলৰ বাবে উপভোগ্য হৈ উঠিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here