জুৰীয়াত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

0
62

জুৰীয়াত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

আমাৰ সময়ঃ ধৃত সৰ্বৰাহকাৰী দুজন পাৰবিচ আলম আৰু মাহগুৰীৰ আবু হানিফা | ব্ৰাউন চুগাৰ, ৭টা ম’বাইল, এখন পালচাৰ বাইক জব্দ | নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদানৰ পিছত ৰৈ নাথাকিল আনন্দ মিশ্ৰ । নিষ্ঠাৰে পালন নিজৰ দায়িত্ব । ড্ৰাগছ বিৰুদ্ধে চলালে অভিযান ৷ প্ৰথমে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই বটদ্ৰৱাত বৃহৎ পৰিমানৰ ড্ৰাগছসহ আটক কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীক । তাৰ পিছত এইবাৰ অভিযান চলালে জুৰীয়াত ৷ জুৰীয়াৰ মাহগুৰীৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফখৰুদ্দিনৰ ঘৰত চলিল অভিযান ।
আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত জুৰীয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া মৃগেন শইকীয়াই চলাইছিল এই অভিযান । সেই অভিযানত ৫০ হেজাৰ টকাৰ ব্ৰাউন চুগাৰ, সাতটাকৈ ম’বাইল ফোন, পালচাৰ বাইক এখনৰ লগতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰী দুটা আলিটাঙনীৰ পাৰবিচ আলম আৰু মাহগুৰীৰ আবু হানিফা ৷ অৱশ্যে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফখৰুদ্দিনক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷ এনেদৰে এতিয়া ইটোৰ পিছত সিটো সফল অভিযান আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ।

জুৰীয়া,ফাইজুল ইছলাম ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here