টীম মাজুলীৰ প্ৰশংসনীয় পদক্ষেপ

0
164

টীম মাজুলীৰ প্ৰশংসনীয় পদক্ষেপ

ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সহায়ৰ হাত

আমাৰ সময়ঃ এফালে কৰ’ণাৰ সংহাৰ,আনফালে আকৌ ধুমুহা-বতাহ । দুৰ্যোগৰ যেন অন্ত নাই । সেইবোৰৰ মাজতে এটা ভাল খবৰ । মাজুলীত একাংশ শিক্ষিত যুৱক-যুৱতী একগোট হৈ গঠন কৰিছে টীম মাজুলী । এই গোটটোৰ জৰিয়তে তেওঁলোকে ইটোৰ-পিছত সিটোকৈ কৰি গৈছে সমাজৰ হকে কাম । বিগত দুটা দিনত সম্পূৰ্ণ ক’ভিড প্রট’কল মানি মাজুলীৰ বিভিন্ন অঞ্চলত এই টীম মাজুলীয়ে বিতৰণ কৰে ১০ হেজাৰ মাস্ক ।ইয়াৰ পিছতে যোৱা দেওবাৰে টীম মাজুলীৰ হৈ কেইজনমান সদস্য গৈ উপস্থিত হয় মাজুলীৰ ধোঁৱাচলা গাঁৱত ।
যোৱা ২৬ তাৰিখে বিধ্বংসী ধুমুহাই কঁপাই যোৱা মাজুলীৰ ধোঁৱাচলা গাঁৱৰ ক্ষতিগ্ৰস্ত লোকৰ ঘৰলৈ গৈ বুজ লয় ক্ষয়-ক্ষতিৰ । টীম মাজুলীৰ সদস্যসকলে জানিবলৈ দিয়ে যে ধুমুহাত বেছিকৈ ক্ষতি হোৱা পৰিয়াললৈ তেওঁলোকে কিছু সহায়ৰ হাত আগবঢ়োৱাৰ লগতে ক্ষতিগ্ৰস্ত সমূহ পৰিয়ালক মাজুলী প্ৰশাসনৰ তৰফৰ পৰা সহায় আগবঢ়াবলৈ অনুৰোধ জনাব । এনেদৰে এতিয়া মাজুলীৰ টীমটোৱে অঞ্চলটোৰ লোকসকলৰ সহায়ৰ বাবে ভিন্ন পদক্ষেপ হাতত লৈ অহা পৰিলক্ষিত হৈছে ।

নিউজ ডেস্ক,আমাৰ সময় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here