টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা ||amarxomoy||

0
219

আমাৰ সময় ; ২২ নৱেম্বৰ : টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিহত এক ৷ টিয়কত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ এজন থিতাতে নিহত ৷ কালি নিশা প্ৰায় ৯ বজাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ টিয়ক মুদৈজান পেট্ৰল ডিপোৰ সমীপত সংঘটিত হ’ল এই ভয়ংকৰ দূৰ্ঘটনাটো ৷ যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখে অহা WB-65-C-5678 নম্বৰৰ মালবাহী ট্ৰাকত, একেটা দিশৰ পৰা অহা নম্বৰপ্লেট বিহীন স্কুটী আৰোহীয়ে ট্ৰাকখনৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত স্কুটী আৰোহীজন ঘটনাস্থলীতে নিহত হয় ।
টীয়ক আৰক্ষীয়ে ইতিমধ্যে উক্ত ট্ৰাকখন জব্দ কৰিছে আৰু দুৰ্ঘটনা পতিত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ বাতৰি প্ৰস্তুত কৰা সময়লৈকে মৃত যুৱকজনক চিনাক্ত কৰিব পৰা হোৱা নাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here