টুকটুকীত আমছুৰ উদ্যোগত ড্ৰাগছ, জুৱা, মদ, ভাং, বাল্য বিবাহ, শিশু শ্ৰমিক আদি অসামাজিক তথা কু সংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা

0
181

আমাৰ সময় ; ১২ডিচেম্বৰ : টুকটুকীত আমছুৰ উদ্যোগত ড্ৰাগছ, জুৱা, মদ, ভাং, বাল্য বিবাহ, শিশু শ্ৰমিক আদি অসামাজিক তথা কু সংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা । যোৱা ১০ ডিচেম্বৰত টুকটুকীত অ-সামাজিক কাৰ্য্যকলাপ বৃদ্ধিৰ ওপৰত আমছুৰ উদ্যোগত এখন বৃহৎ সজাগতা সভা অনুষ্ঠিত হয় । উক্ত সভাতেই অঞ্চলটোৰ বহু ৰাইজৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূর্ণ দিশত আলোচনা কৰে ।সংগঠনটোৰ নগাঁও জিলা সভাপতি আব্দুৰ ৰহিমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সম্পাদক মোশ্বাৰফ হুছেইন কবিৰে এনে কাৰ্য্যকলাপ ৰোধত ব্যৰ্থ হোৱা স্থানীয় আৰক্ষীক কঠোৰ সমালোচনা কৰাৰ লগতে অঞ্চলটোত থকা অ-সামাজিক কাৰ্য্যকলাপত লিপ্ত থকা লোকসকলকো চিনাক্ত কৰি উচিত বিচাৰৰ দাবী জনায় । সভাত উপস্থিত থাকি জমীয়ত উলামা ই হিন্দৰ নগাঁও জিলা সম্পাদক মৌলানা আব্দুছ চালামে শিশু শ্ৰমিক আৰু শিক্ষাৰ ক্ষেত্রত সংখ্যালঘু লৰা ছোৱালীৰ ওপৰত বিশেষ ব্যৱস্থা গ্রহণ কৰিবলৈ অভিভাৱক সকলক আহবান জনায় । আমছুৰ টুকটুকী আঞ্চলিকৰ সভাপতি ফকৰুল ইছলামৰ পৌৰহিত্যত প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত আমছুৰ নগাওঁ জিলাৰ উপ সভাপতি আবুল হুছেইন সম্পাদক আব্দুল নুৰ , আমছুৰ কেন্দ্ৰীয় সহ সম্পাদক মিন্নাতুল ইছলাম, জমীয়ত উলামাই হিন্দৰ নগাঁও জিলা উপ সভাপতি মুফটি আব্দুল কাদিৰৰ লগতে আমছুৰ কেইবাগৰাকীও বিষয় ববীয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here