ঠেলাত আলু পিঁয়াজ লৈ ঠেলা চালকক প্ৰতিকী জেদ প্লাচ নিৰাপত্তা প্ৰদান

0
241

অমাৰ সময়; ১১/১০/২০২০ নৱেম্বৰ: ঠেলাত আলু পিঁয়াজ লৈ ঠেলা চালকক প্ৰতিকী জেদ প্লাচ নিৰাপত্তা প্ৰদান ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত আহোম সেনাৰ ব্যংগাত্মক প্ৰতিবাদ।অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ অভিনৱ প্ৰতিবাদ আহোম সেনাৰ ৷
ঠেলাত আলু পিয়াঁজ লৈ ঠেলা চালকক প্ৰতিকী জেড প্লাচ চিকিউৰিটি দি ৰাজ পথত পৰিভ্ৰমণ।শিৱসাগৰ নগৰৰ ৰাজপথত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আহোম সেনাই।আহোম সেনাই আলু পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়।
আনহাতে পূৰ্বতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ পথত পিয়াঁজৰ মালা পিন্ধি, গৰুগাড়ী চলাই প্ৰতিবাদ কৰা বিজেপি মন্ত্ৰী বিধায়ক সকল এতিয়া ক’ত বুলিও প্ৰশ্ন কৰে আহোম সেনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here