তামুলপুৰত কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

0
251

অমাৰ সময় ; ১১/১০/২০২০ নৱেম্বৰ : তামুলপুৰত কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট ৷ কলিতা জনগোষ্ঠীক জনজাতি হিচাবে স্বীকৃতি দিবলৈ আহ্বান ৷ তামুলপুৰত যোৱা ৯ নৱেম্বৰত কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ জনজাতিকৰণ লগতে চাৰি দফীয়া দাবী উত্থাপনেৰে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন। বিভিন্ন শ্ল’গানেৰে তামুলপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে প্ৰতিবাদী সকলে ৷ জনজাতিৰ মৰ্য্যদা পাবলৈ কলিতা জনগোষ্ঠীৰ সকলো যোগ্যতা আছে বুলি দাবী কৰে প্ৰতিবাদী সকলে ৷ তামুলপুৰ চক্ৰ বিষয়াৰ জড়িয়তে অসমৰ মূখ্যমন্ত্ৰীলৈ এক ষ্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদী জনতাই ৷
কাৰ্যসুচীত উপস্থিত থাকে তামুলপুৰৰ প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী, বিজেপি নেতা হেমন্ত কুমাৰ ৰাভাকে আদি কৰি সমিতিখনৰ বিষয়ববীয়া সকল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here