তিতাবৰত উদযাপিত হ’ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

0
233

আমাৰ সময় ; ১৭ নৱেম্বৰ :  তিতাবৰত উদযাপিত হ’ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিক সকলৰ সন্মানাৰ্থে তিতাবৰ মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে । এই সন্দৰ্ভত তিতাবৰৰ মহকুমাধিপতি খনিন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক সভাত তিতাবৰ মহকুমাৰ সাংবাদিক সকলৰ লগত এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। সাংবাদিক সকলে কোভিড ১৯ ৰ আতংকৰ মাজতো নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি দেশৰ প্ৰতি আগবঢ়োৱা বৰঙণিক আলোকপাত কৰা হয় ৷ সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে তিতাবৰ মহকুমা চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া তথা সাহিত্যিক ডাক্তৰ নিত্যনন্দ শইকীয়াৰ লগতে সমাজকৰ্মী ভাস্কৰ জ্যোতি বৰুৱা আৰু তিতাবৰ মহকুমা প্ৰশাসনৰ তিনি গৰাকীকৈ দণ্ডাধীশ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here