তিতাবৰত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ

0
264

আমাৰ সময়; ২নৱেম্বৰ ২০২০: তিতাবৰত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ কাৰ্যনিৰ্বাহক সভা ।জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ- অসমৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাখন যোৱা ৩১ অক্টোবৰ আৰু নবেম্বৰত তিতাবৰ খণ্ড উন্নয়ন চৌহদৰ বহুমুখী ভৱনত সভাপতি ৰেবকান্ত গগৈৰ সভাপতিত্বত অনুস্থিত হ’ল ৷
বাক্সা, চিৰাং, মঙ্গলদৈ, কোকৰাঝাৰ, কোচবিহাৰ, গুৱাহাটী আদি অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিৰ উপস্থিতিত অনুস্থিত হয় সভাখন।সভাতেই সংগঠনটোৰ তিতাবৰৰ মহকুমা সমিতিখনো গঠন কৰা হয় ।
সভাত পৃথ্বিৰাজ ৰাভা, বিশিষ্ট লেখিকা হেমা চৌধাৰী গগৈ, বাবু ৰাভা হাকাচাম, নাট্যকাৰ- কবি অমৰ শৰ্মা, মালতী গুৰুং হৃদয় ৰঞ্জন দাস আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।
বিভিন্ন ধৰ্মীয় মেৰুকৰণৰ কলা ধূঁৱাই আগুৰি ধৰা অসমৰ ৰাজনৈতিক, আৰ্থ সামাজিক পৰিস্থিতিৰ পৰিপেক্ষিতত এক সাংস্কৃতিক একতাৰ আৱশ্যকতা বোধ কৰিয়েই এই ঐক্যমঞ্চৰ গঠন হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here