তিতাবৰৰত যোৰহাট জিলা উছু সন্থাৰ ১৭সংখ্যক আন্ত:ক্লাৱ ‘উছু” প্ৰতিযোগিতা।

0
225

আমাৰ সময় ; মনজিৎ হাজৰিকা  ; ২৩ নৱেম্বৰ : তিতাবৰৰত যোৰহাট জিলা উছু সন্থাৰ ১৭সংখ্যক আন্ত:ক্লাৱ ‘উছু” প্ৰতিযোগিতা। তিতাবৰত উছু প্ৰতিযোগীতা ৷ যোৰহাট জিলা উছু সন্থাৰ উদোগত আজিৰ পৰা তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত ১৭ তম যোৰহাট জিলা ছাৱ-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ বিভাগৰ আন্ত:ক্লাৱ উছু প্ৰতিযোগীতা অনুষ্ঠিত হৈছে । প্ৰতিযোগিতাখনত যোৰহাট জিলাৰ ১০টা ক্লাৱৰ ৮০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানটোত তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তৰুণ দত্ত, তিতাবৰ জিলা কাৰাটে সন্থাৰ সম্পাদক মনজিৎ হাজৰিকা, যোৰহাট জিলা উছু সন্থাৰ সভাপতি প্ৰবিন কাৰুৱাৰ লগতে বহু সংখ্যক ব্যক্তি উপস্থিত থাকে ৷ উক্ত প্ৰতিযোগীতা খনৰ পৰাই আগন্তুক ৰাজ্যিক উছু প্ৰতিযোগীতালৈ খেলুৱৈ নিৰ্বাচন কৰা হব বুলিও যোৰহাট জিলা উছু সন্থাৰ সম্পাদক কুমুদ গগৈয়ে জনিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here