দিগদৰ্শন প্ৰকাশনৰ “কিতাপ পঢ়োঁ আহক” শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান

0
338

আমাৰ সময়; পংকজ কুমাৰ দাস ; ১৫ নৱেম্বৰ : দিগদৰ্শন প্ৰকাশনৰ “কিতাপ পঢ়োঁ আহক” শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান ৷ দীপাৱলী আৰু শিশু দিৱসৰ লগত সংগতি ৰাখি সমাজক এক নতুন বাৰ্তা দিয়াৰ চেষ্টাৰে যোৰহাটৰ দিগদৰ্শন প্ৰকাশন গোষ্ঠী আৰু পুলিবৰৰ হোটেল আহাৰে “কিতাপ পঢ়োঁ আহক” শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰে । পোহৰৰ উৎসৱক শব্দ প্ৰদূষণ,বায়ু প্ৰদূষণ কৰি অনাহকত সমাজৰ বাতাবৰণ অসুস্থ নকৰিবৰ বাবে জনসাধাৰণক সচেতন কৰা তথা নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলাৰ চিন্তাৰে এই কাৰ্যসূচী হাতত লয় ৷ তেল চাকিৰে দিপাৱলী পালন কৰা আৰু কিতাপ পঢ়াৰ লগতে আনকো কিতাপ পঢ়িবলৈ উৎসাহ দিয়াৰ উদ্দেশ্যে দিগদৰ্শন প্ৰকাশনে অনুষ্ঠানটিৰ আযোজন কৰে ৷ দিগদৰ্শনৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা আৰু দিন জোৰা কাৰ্য্যসূচীৰে পালন কৰা এই অনুষ্ঠানত
উপহাৰ স্বৰূপে ১০০ শিশুক বিনামূলীয়াকৈ অসমীয়া শিশু সাহিত্যৰ গ্ৰন্থৰ টোপোলা অাগবঢ়োৱা হয়। আঠুভঙা হেজাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গজেন তামুলী আৰু যোৰহাটৰ পটীয়া গাওঁৰ হ’লিচাইল্ড ইংলিছ স্কুলৰ শিক্ষয়িত্ৰী পপী নেওগে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত কনমানি শিল্পী আয়েছাজিয়া শইকীয়াই আধুনিক নৃত্য, জ্যোতিৰূপা বৰা, নিহাৰিকা নেওগ, অৰ্চিতা চাহু, দীপশিখা গগৈ, জ্যোতিশিখা গগৈ, তৃষা চাহু, ঈষিকা চাহু, স্নেহা চাহুৱে কৰা কবিতা পাঠে অনুষ্ঠানটিক অধীক জীপাল কৰি তোলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here