দৰঙৰ ধূলাত কৰ’ণাৰ বজাৰ

0
169

দৰঙৰ ধূলাত কৰ’ণাৰ বজাৰ

ধূলা টাংনি সাপ্তাহিক বজাৰত উলংঘা ক’ভিড বিধি /
মাস্ক আৰু সামাজিক দূৰত্ব অবিহনে বজাৰত প্ৰৱেশ /

আমাৰ সময়ঃ অসম চৰকাৰ তথা প্ৰশাসনৰ নীতি-নিয়মক অৱহেলা দৰঙৰ ধূলা-টাংনি সাপ্তাহিক বজাৰ।বৰ্তমান সময়ত কৰ’ণাই যি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেই সময়ত কোনো ধৰণৰ সামাজিক দূৰত্ব নামানি অগণন জনতাই ভিৰ কৰিছে বজাৰত। ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে বহু লোকে।

কৰ’ণা ত্ৰাসৰ সময়ছোৱাত ধূলা টাংনি সাপ্তাহিক বজাৰত দুই-চাৰিজনৰ বাদে অধিকাংশ লোকে মনা নাই ক’ভিড প্ৰট’কল । কম সংখ্যক লোকেহে পৰিধান কৰিছে মাস্ক ।ইয়াৰ উপৰিও পৰিবহনৰ ক্ষেত্ৰতো দেখা গৈছে একে অৱস্থা। বজাৰ কৰিবলৈ চাৰিচকীয়া বাহনত অহা একাংশ লোকে ক’ভিড-১৯ক অৱহেলা কৰি সামাজিক দূৰত্ব নমনা পৰিলক্ষিত হৈছে।

এনেদৰে এতিয়া ক’ভিড বিধি উলংঘা ভিন্ন ঠাইত । এনেদৰে যদি আজিৰ সময়তো ক’ৰণাৰ বিৰুদ্ধে সজাগ নহয় জনতা, তেন্তে অনাগত দিনবোৰত ক্ৰমাৎ জটিল পৰিস্থিতিৰ সৃষ্টি হ’লে কোন হ’ব দায়ী ? সেয়া এক অন্তহীন প্ৰশ্ন ।

মহিন আলি,দৰং।

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here