ধিং সমষ্টিত এ আই ইউ ডি এফৰ দুৰ্গত অসম জাতীয় পৰিষদৰ ৰণডংকা ৷

0
324

আমাৰ সময় ; ২৬ ডিচেম্বৰ : ধিং সমষ্টিত এ আই ইউ ডি এফৰ দুৰ্গত অসম জাতীয় পৰিষদৰ ৰণডংকা ৷ বৰ্তমান ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ, BJP, CONGRESS, AIUDF, প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ দলৰ হৈ ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে । পিছ পৰি থকা নাই AJP’য়ো আজি ধিং সমষ্টিত এ আই ইউ ডিফৰ দূৰ্গত AJP’য়ে মোক্ষম আঘাত হনা দেখা যায়। AIUDF ৰ দূৰ্গ বুলি পৰিচিত ৮৩ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত “লালিপথাৰত” AJP ৰ নিৰ্বাচনী ও আঞ্চলিক সমিতি গঠন সভা অনুষ্ঠিত হয় । উক্ত সভাত AJP ৰ প্ৰতি আকৰ্ষিত হৈ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ পৰা প্ৰায় শতাধিক লোকে AJP’ত যোগদান কৰে । উক্ত সভাত উপস্থিত থাকে ধিং সমষ্টিৰ AJP’ৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী “আনজাৰ হুছেইন” । ধিং সমষ্টিৰ বৰ্তমানৰ AIUDF’ৰ বিধায়ক আমিনুল ইছলাম আৰু শাসনাধিষ্ট বিজেপি চৰকাৰক AJP’ৰ ধিং সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আনজাৰ হুছেইনে তিব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এইবাৰ অসমত AJP’ৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে। AJP’ৰ সভাপতি ল্যুৰিণৰ্জ্যোতি গগৈয়ে জাতী-ধৰ্ম’ক ভাগ ভাগ নকৰি সদায় হিন্দু-মুছলমান হৈ মাত মাতি আহিছে বুলিও আনজাৰ হুছেইনে মত প্ৰকাশ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here