নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বৃহৎ সাফল্য

0
203

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বৃহৎ সাফল্য

আমাৰ সময়ঃ নগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ প্ৰথম খোজতে বৃহৎ সাফল্য ।নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈয়ে অভিযানত নামিল আৰক্ষী অধীক্ষকগৰাকী । বটদ্ৰৱাৰ কদমণিত উচ্ছেদ ড্ৰাগছৰ ঘাটি । আজি নগাঁও জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰু বটদ্ৰৱা আৰক্ষীৰ সহযোগত
এক গোপন সূত্রৰ পম খেদি চলাইছিল অভিযান । এই ড্ৰাগছ বিৰোধী অভিযানত বটদ্ৰৱাৰ কদমণিৰ পৰা চিৰাজুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে তেওঁ পৰা বৃহৎ পৰিমাণ ড্ৰাগছ আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামৰ পৰা ১৩৬গ্ৰাম ব্ৰাউন ছুগাৰৰ ১২টা পেকেট উদ্ধাৰ কৰাৰ লগতে নগদ ২২হেজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। বিগত বহু দিন ধৰি চিৰাজুল ইছলামে নগাঁও জিলাৰ বিভিন্ন স্থানত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছিল। এই ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষী অধীক্ষকগৰাকীক সংগ দিয়ে ডি এছ পি কল্যাণ কুমাৰ দাসে। নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এনে অভিযানক লৈ সকলোৱে শলাগ লৈছে আৰক্ষী অধীক্ষকগৰাকীৰ ।

বটদ্রৱা, কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here