নগাঁৱৰ জাজৰি আৰক্ষী চকীৰ সমীপত মৃতদেহ উদ্ধাৰ

0
56

নগাঁৱৰ জাজৰি আৰক্ষী চকীৰ সমীপত মৃতদেহ উদ্ধাৰ

আমাৰ সময়ঃ নগাঁৱৰ জাজৰিত চাঞ্চল্যকৰ ঘটনা ।আজি পুৱা প্ৰায় ১১ বজাত জাজৰি আৰক্ষী চকীৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হয় এটি মৃতদেহ । এগৰাকী বৃদ্ধা মহিলাৰ মৃতদেহ উদ্ধাৰৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । পুখুৰীটোৰ গৰাকীয়ে সেই স্থানত কাম কৰি থাকোতে প্ৰত্যক্ষ কৰে মৃতদেহটো ।লগে লগে খবৰ দিয়ে জাজৰি আৰক্ষী চকীত ।এই খবৰ পোৱাৰ পিছতে জাজৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এটি দল উপস্থিত হয় উক্ত স্থানত ।আৰক্ষীয়ে জনোৱা অনুসৰি মৃতদেহটো প্ৰায় তিনিদিন পূৰ্বৰ । তিনিদিন ধৰি মৃতদেহটো পুখুৰীত থকা বাবে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ঠাই ।মৃতদেহটো জাজৰি থানাৰ অন্তৰ্গত গায়ন গাঁৱৰ ৰাজীৱ বৰাৰ শাহু ৰামেশ্বৰী শইকীয়া বুলি জানিব পৰা যায় ।
যোৱা বৃহস্পতিবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৰামেশ্বৰী শইকীয়া । সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।আনহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰ্তমান মৃতদেহটো প্ৰেৰণ কৰা হৈছে নগাঁও অসামৰিক চিকিৎসালয়লৈ ।

জাজৰি, কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here