নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস

0
43

নুমলীগড়ত বন্যহস্তীৰ সন্ত্ৰাস

পকীঘৰ পৰ্যন্ত ভাঙি পেলাইছে বন্যহস্তীৰ জাকে

কথমপি প্ৰাণৰক্ষা পৰিয়ালৰ

আমাৰ সময়ঃ নুমলীগড়ত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাট। নুমলীগড় চাহ বাগিছাৰ ২১ নং লাইনত দেওবাৰে নিশা বন্যহস্তীয়ে উপদ্ৰৱ চলায় ৷ খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা জনাঞ্চললৈ আহিছিল বন্যহস্তীৰ এটা জাক । খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ জাকটোৱে অঞ্চলটোত ওৰেৰাতি উপদ্ৰৱ চলাই ।আঠটাকৈ পৰিয়ালৰ বাসগৃহৰ লগতে অজস্ৰ সা-সম্পত্তি ক্ষতিসাধন কৰে বন্যহস্তীৰ জাকটোৱে । বন্যহস্তীৰ জাকটোৱে তিনিটাকৈ পকী ঘৰ ভঙাৰ লগতে ঘৰৰ ভিতৰত থকা খাদ্য নষ্ট কৰাৰ উপৰিও ঘৰৰ আচবাব-পত্ৰও লণ্ডভণ্ড কৰে । আনহাতে কথমপিহে প্ৰাণৰক্ষা পৰে পৰিয়ালটো ৷ বন বিভাগক খবৰ দিয়াৰ পিছতো হাতীৰ আক্ৰমণৰ পৰা নিৰাপত্তা নোপোৱাৰ অভিযোগ অঞ্চলবাসীৰ ৷ এইদৰে এতিয়া বন্যহস্তীৰ আক্ৰমণে আতংকিত কৰি তুলিছে অঞ্চলবাসীক ।

দেৰগাঁও, নিৰঞ্জন দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here