নুমলীগড়ত হাতী-মানুহৰ সংঘাত

0
127

নুমলীগড়ত হাতী-মানুহৰ সংঘাত

আমাৰ সময়ঃ ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ।
এইবাৰ নুমলীগড়ত সংঘটিত হ’ল এই ঘটনা ।খাদ্যৰ সন্ধানত নামবৰ দৈগ্ৰোং বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিছিল এটা হাতীৰ জাক । বন্যহস্তীৰ জাকটোৱে বহু লোকৰ ঘৰ-দুৱাৰ ভঙাৰ উপৰিও নষ্ট কৰে খেতি-পথাৰ । উল্লেখ্য যে দিনৰ ভাগত চাহ বাগিছাৰ মাজত আশ্ৰয় লয় বন্যহস্তীৰ জাকটোৱে । তেনে সময়তে এচাম লোকে অত্যাচাৰ চলাই বন্যহস্তীৰ জাকটোৰ ওপৰত ।
একাংশ লোকে শিলগুটি নিক্ষেপ কৰাৰ লগতে দা- লাঠি আদিৰে আঘাট হানিবলৈ আগবাঢ়ি গৈছে ।এবাৰ যদি হাতীৰ জাকটোক মানুহে খেদে,পিছৰবাৰ আকৌ হাতীৰ ভয়ত পিছ হুহকি আহে লোকসকল ।বন্যহস্তীৰ জাকটোৰ লগত আছিল কেইবাটাও হাতীৰ পোৱালী । বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় লোকৰ । একাংশ লোকে বন্যহস্তীৰ জাকটোৰ ওপৰত আক্ৰমণ কৰাৰ ফলত হাতীৰ জাকটো ক্ষোভিত হৈ ঘৰ-বাৰীৰ ক্ষতি সাধন কৰা বুলি উল্লেখ জৰী স্থানীয় লোকে ৷ জীৱশ্রেষ্ঠৰ লগতে এতিয়া নিৰাপত্তাহীনতাত ভূগিছে বন্যহস্তীৰ জাকটোৱেও । এনেদৰে এতিয়া অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ইয়াৰ পিছত বন বিভাগে কি ব্যৱস্থা লয় সেয়াহে হ’ব লক্ষণীয় ।

নুমলীগড়,জানমনি দত্ত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here