নুমলীগড় তেল শোধনাগাৰ উল্লেখনীয় পদক্ষেপ

0
308

আমাৰ সময় ; ২০ নৱেম্বৰ : নুমলীগড় তেল শোধনাগাৰ উল্লেখনীয় পদক্ষেপ ৷ শোধনাগাৰটোৰ সামাজিক উন্নয়ন পুঁজিৰে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰিলে কম্পিউটাৰ । অসম আন্দোলনৰ ফচল গোলাঘাটৰ নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষই বিভিন্ন সময়ত সামাজিক উন্নয়নমূলক কাম কৰি আহিছে । ইতিমধ্যে শোধনাগাৰটোৱে মৰঙী মৌজাত বিভিন্ন সামাজিক উন্নয়ন মূলক কাম কৰাৰ উপৰি ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ বাবে বিভিন্ন ধৰণেৰে সহযোগীতা কৰি আহিছে ।
যোৱা ১৮ নৱেম্বৰত মৰঙী মৌজাৰ কেইবাখনো বিদ্যালয়ত শোধনাগাৰটোৰ কৰ্তৃপক্ষই সামাজিক উন্নয়নৰ পুঁজিৰে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে কম্পিউটাৰ প্ৰদান কৰে ৷ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়তো চাৰিটা কম্পিউটাৰ প্ৰদান কৰে শোধনাগাৰটোৰ কৰ্তৃপক্ষই। শোধনাগাৰটোৰ কৰ্তৃপক্ষৰ এনে সামাজিক উন্নয়নৰ কাৰ্য্যক ৰাইজে শলাগ লৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here