পখিলা খেদাৰ বয়সতে যেন এজাক কাল ধুমুহায়ে জোকাৰি নিছে এগৰাকী কণমানিৰ জীৱন

0
216

পখিলা খেদাৰ বয়সতে যেন এজাক কাল ধুমুহায়ে জোকাৰি নিছে এগৰাকী কণমানিৰ জীৱন! নগাঁও জিলাৰ পুৰণিগুদাম স্থিত পথাৰ-আগ চাৰিআলিৰ বাসিন্দা তথা হেম বৰুৱা এম.ভি. স্কুলৰ চতুৰ্থ মান শ্ৰেণীৰ মেধাৱী ছাত্ৰী সংঘমিত্ৰা গায়ন আক্ৰান্ত হৈছে কিডনীৰ এক জটিল ৰোগত।                                                        অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকী যোৱা ৩০ছেপ্তেম্বৰত অসুস্থ হৈ পৰাৰ পিছতে পৰিয়ালৰ লোকে চিকিৎসাৰ ব্যৱস্থা কৰে যদিও স্বাস্থ্য-পৰীক্ষাৰ অন্তত কিডনিৰ এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথা জানিব পাৰে পৰিয়ালৰ লোকে। চিকিৎসকে অতি শীঘ্ৰে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়াৰ লগতে প্ৰায় পাঁচ লক্ষাধিক টকা ব্যয় হ’ব বুলি আগতীয়াকৈ জানিবলৈ দিয়াত সম্প্ৰতি উপায়হীন হৈ পৰিছে শংঘমিত্ৰাৰ দৰিদ্ৰ পৰিয়ালটো। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া লক্ষ্য জ্যোতি গায়নৰ পৰিয়ালটো এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে প্ৰয়োজনীয় ধন ৰাশি যোগাৰ কৰাত। উল্লেখযোগ্য যে, অসুস্থ ছাত্ৰী গৰাকীৰ আঠ মাহ বয়সতে মাতৃৰ মৃত্যু হোৱাৰ পিছত পিতৃ আৰু ককা-আইতাকে ডাঙৰ-দীঘল কৰাৰ দ্বায়িত্ব বহন কৰি আহিছিল। বৰ্তমানে মেধাৱী ছাত্ৰী গৰাকীৰ সুস্থ কৰি তুলিবৰ বাবে প্ৰয়োজনীয় ধন ৰাশি যুগুতাবলৈ চিন্তিত হৈ পৰা পৰিয়ালটোৱে অসমৰ ৰাইজৰ পৰা সহায় ভিক্ষা কৰাৰ লগতে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো যাৱতীয় চিকিৎসাৰ ব্যৱস্থা কৰি কণমানি জনীক নিশ্চিত বিপদৰ পৰাৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। লগতৈ পৰিয়ালৰ লোকে 70867-61869 ফোন নম্বৰত যোগাযোগ কৰি পেহীয়েক ববী গায়নৰ নামত থকা U.B.I.  একাউণ্ট নম্বৰ 7239010033530 আৰু I.F.S.Code: UTBI0RRBAGBত ইচ্ছুক দয়বান লোকক সাধ্য অনুসৰি কিছু ধন ৰাশি আগবঢ়াবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া কণমানি গৰাকীৰ অভিভাৱক কেইজনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here