পথাৰতে নষ্ট হৈছে বহু শাক-পাচলি/মূৰে-কপালে হাত দিছে কৃষকে

0
89

ৰঙিয়াত কৃষকৰ দুৰৱস্থা

পথাৰতে নষ্ট হৈছে বহু শাক-পাচলি

মূৰে-কপালে হাত দিছে কৃষকে

আমাৰ সময়ঃ সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এই ভয়াৱহ পৰিস্থিতিৰ পৰা জনগণক ৰক্ষা কৰিবলৈ চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ।এনে পৰিস্থিতিয়ে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলাইছে । কৃষিজীৱি লোকসকলৰ জীৱনলৈয়ো যেন এতিয়া অন্ধকাৰ নামি আহিছে । কিয়নো বজাৰ নাই,পাচলিৰ দৰ নাই । সেয়েহে শস্যৰ উচিত মূল্য নাপাই চিন্তিত ৰঙিয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ খেতিয়কসকল । ভোল,জিকা , ভাতকেৰেলা , তিতাকেৰেলা , বেঙেনা, বিলাহী , জলকীয়া আদি বিভিন্ন খেতি কৰি পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰা কৃষকসকল এতিয়া গভীৰ সংকটত । বজাৰ নোহোৱাৰ ফলত পথাৰৰ শস্য পথাৰতে গেলি-পচি যাব ধৰিছে ।
কৰ’ণাসৃষ্ট এনে এক জটিল পৰিস্থিতিত চৰকাৰৰ পৰা কিছু সহায় পালে পৰিয়াল পোহপাল দিয়াত সুবিধা হ’ব বুলি সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰে খেতিয়কসকলে ।

ৰঙিয়া, চাহাব আলী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here