পুনৰ চৰ্চালৈ আহিছে বৃহৎ নদীবান্ধৰ প্ৰসংগ

0
202

আমাৰ সময় ;অনুপজ্যোতি দাস ; ২৯ নৱেম্বৰ : পুনৰ চৰ্চালৈ আহিছে বৃহৎ নদীবান্ধৰ প্ৰসংগ ৷ যোগীঘোপাত দীৰ্ঘদিনে ৰাইজ তথা দল সংগঠনে আৱদ্ধ কৰি ৰখা নদী বান্ধৰ টাৰ্বাইন সংগোপনে সোঁৱনশিৰি প্ৰকল্পলৈ নিয়াৰ চেষ্ঠা ৷ পুনৰ চৰ্চাত সোৱণশিৰীৰ নদী বান্ধৰ প্ৰসঙ্গ । ৮ বছৰৰ মূৰত সোৱণশিৰীলৈ সংগোপনে নিয়াৰ চেষ্ঠা কৰা হ’ল যোগীঘোপাত ৰাখি থোৱা বৃহৎ নদীবান্ধৰ টাৰ্বাইন আৰু যন্ত্ৰাংশ ৷
২০১২ চনত যোগীঘোপাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু একাংশ ৰাইজে বৃহৎ নদী বান্ধৰ বিৰোধীতাৰে আৱদ্ধ কৰি ৰাখিছিল উক্ত টাৰ্বাইনবোৰ ৷
যোৱা ২৭ নৱেম্বৰৰ নিশা টাৰ্বাইনবোৰ সংগোপনে নিয়াৰ চেষ্ঠা চলালে অৰুণাচল অভিমূখে ৷
কিন্তু বঙাইগাঁৱৰ হাপাচাৰাত টাৰ্বাইন কঢ়িওৱা ৪ খন বৃহৎ ট্ৰেইলাৰ পুনৰ আৱদ্ধ কৰিলে বিভিন্ন দল সংগঠনে ৷ ইয়াকে লৈ বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আছুৰ তীব্ৰ প্ৰতিবাদ ৷
২০১২ চনৰ পৰা যোগীঘোপাত আছিল উক্ত টাৰ্বাইন তথা নামনি সোঁৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন যন্ত্ৰাংশ ৷অতি সংগোপনে নিশা যোগীঘোপাৰ পৰা টাৰ্বাইন স্থানান্তৰক কেন্দ্ৰ কৰি কৃষক মুক্তি আৰু আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ ৰাইজৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here