প্ৰজেক্ট ‘আহাৰ’/Care u365ৰ প্ৰশংসনীয় পদক্ষেপ

0
114

প্ৰজেক্ট ‘আহাৰ’

Care u365ৰ প্ৰশংসনীয় পদক্ষেপ

পদপথত বসবাস কৰা লোকসকলক আহাৰ যোগান

আমাৰ সময়ঃ কাল কৰ’ণাই সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ জীৱনলৈ নমাই আনিছে অভাৱনীয় দুৰ্যোগ । সলনি হৈছে বহুতৰ জীৱন-জীৱিকা । বহুতে হেৰালে উপাৰ্জনৰ পথ । সেইসমূহৰ ভিতৰত আটাইতকৈ দুৰ্ভোগত ভূগিছে পদপথৰ লোকসকল । সেইসকল লোকৰ বাবে দিন-ৰাতিৰ চিন নাই | ভোকৰো যেন অন্ত নাই । এনে পৰিস্থিতিত সেইসকল লোকক সহায় কৰিবলৈ ওলাই আহিল এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ।
Care u365 নামৰ এই সংস্থাটোৱে বিগত কেইবাদিন ধৰি প্ৰজেক্ট ‘আহাৰ’ নামৰ কাৰ্যসূচীৰে পদপথত বসবাস কৰা লোকসকলক যোগান ধৰিছে এমুঠি অন্নৰ । এনে দুৰ্যোগৰ সময়ত পদপথত বাস কৰা কোনো লোকে যাতে অনাহাৰে দিন কটাবল’গীয়া নহয়,তাৰ বাবে তেওঁলোকৰ এই পদক্ষেপ ।
আনহাতে ক’ভিডত আক্ৰান্ত হৈ গৃহবন্দী হৈ থকা লোকসকলকো কিছু খাদ্য সামগ্ৰী যোগান ধৰি আহিছে কেয়াৰ ইউ৩৬৫ নামৰ সংস্থাটোৱে । সংস্থাটোৰ লগত বিশেষভাৱে জড়িত থকা লোকসকল হ’ল প্ৰাঞ্জল কটকী, উৎপল বড়া,বাবলী দে দাস,ৰিন্টু দাস,মাধুৰ্য হাজৰীকা, মনোৰঞ্জন বৰা,সত‍্যজিৎ শৰ্মা, বিৰাজ বৰকটকী,পংকজ বৰা,ৰাজকুমাৰ দত্ত,অৰিন্দম বৰা,ৰঞ্জন বৰা,মৃদুপৱন শইকীয়া আৰু বিতোপন হাজৰীকা ।এনে দুৰ্যোগৰ সময়ত তেওঁলোকৰ এই প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয় । কেয়াৰ ইউ৩৬৫ৰ এই কামক শলাগ লৈছে বহু লোকে ।

News desk report,amarxomoy.

LEAVE A REPLY

Please enter your comment!
Please enter your name here