বঙাইগাঁও জিলাৰ চাকলাৰ কৃষকৰ মুখত বিৰিঙিছে হাঁহি

0
261

আমাৰ সময়;ইয়াছি আলী; ১১ নৱেম্বৰ: বঙাইগাঁও জিলাৰ চাকলাৰ কৃষকৰ মুখত বিৰিঙিছে হাঁহি ৷ ধান খেতি বানে তচ নচ কৰিলেও ৰবি শষ্যত সফল হৈছে খেতিয়ক ৷ বঙাইগাঁও জিলাৰ চাকলাৰ পথাৰত বাৰে বাৰে বানে চলাইছিল উপদ্ৰৱ ৷ তচ নচ কৰিছিল খেতি পথাৰ ৷ কিন্তু চেষ্টা এৰি দিয়া নাছিল খেতিয়কে ৷ বানে গৰকা পথাৰত নতুন উদ্যমেৰে কৰিছিল বিভিন্ন শাক পাচলিৰ খেতি ৷ অৱশেষত বানৰ লগত যুঁজি সফল চাকলাৰ খেতিয়ক ।
চৰকাৰী সাহাৰ্য্য অবিহনেই কৰা পাচলিৰ খেতিত লাভৱান হৈছে খেতিয়ক সকল ৷ বিভিন্ন পচলিৰ উচিত মূল্য লাভ কৰিছে তেওঁলোকে ৷ দুগুন উদ্যমেৰে খেতিত নামি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে অঞ্চলবাসীয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here