বঙাইগাঁও জিলাৰ ধনতোলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চৰম অৰাজকতাৰ অভিযোগ ৷ চিকিৎসাৰ বাবে যোৱা ৰেগীক সহাৰি নিদিয়াৰ অভিযোগ চিকিৎসকৰ প্ৰতি

0
315

বঙাইগাঁও জিলাৰ ধনতোলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চৰম অৰাজকতাৰ অভিযোগ ৷ চিকিৎসাৰ বাবে যোৱা ৰেগীক সহাৰি নিদিয়াৰ অভিযোগ চিকিৎসকৰ প্ৰতি ৷
বঙাইগাঁৱৰ ধনতোলা অঞ্চলৰ একমাত্ৰ চিকিৎসালয় ধনতোলা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত চৰম অৰাজকতা চলাৰ অভিযোগ উঠিছে ৷ সময়মতে ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ উঠিছে চিকিৎসালয় খনৰ চিকিৎসক চফিয়ৰ ৰহমানৰ বিৰুদ্ধে ৷
সময় মতে কৰ্তব্যত নথকাৰ লগতে চিকিৎসালয়খনৰ কোৱাৰ্টাৰত থকা সময়ত ৰোগীয়ে বিছাৰিলেও মাত নিদিয়া আদি বিভিন্ন অভিযোগ আনিছে স্থানীয় ৰাইজে ৷
বিৱৰণী অনুসৰি যোৱা শুকুৰবাৰে ধনতোলাৰ পবিত্ৰ হালৈ নামৰ ব্যক্তি এজনৰ সাত বছৰীয়া কন্যাগৰাকী খেলি থকা অৱস্থাতে পৰি চেতনাহীন হয় ৷ ততাতৈয়াকৈ অভিভাৱকে কিশোৰী গৰাকীক চিকিৎসাৰ বাবে চিকিৎসক চফিয়ৰ ৰহমানৰ ওচৰলৈ আনে যদিও সেই সময়ত চৰকাৰী বাসগৃহত থকা চিকিৎসক গৰাকীয়ে ৰোগীক চাবলৈ ওলাই নহাৰ অভিযোগ কৰিছে কিশোৰীগৰাকীৰ অভিভাৱকে ৷ আধাঘণ্টাৰো অধীক সময় চিকিৎসকজন কোৱাৰ্টাৰৰ পৰা এলাই নহাত উপায়ন্তৰ হৈ কিশোৰী গৰাকীক পাঁচ কিলোমিটাৰ দুৰৰ বিদ্যাপুৰ গ্ৰাম্য চিকিৎসালয়লৈ লৈ যায় ৷
পিছতে অভিভাৱকৰ সৈতে স্থানীয় সংগঠনৰ কৰ্মকৰ্তা একাংশ আহি চিকিৎসকজনৰ পৰা বিষয়টোৰ সন্দৰ্ভত জানিব বিছৰাত চিকিৎসকজনে উদ্ধত আচৰণত কৰা বুলিহে অভিযোগ কৰে স্থানীয় ৰাইজে ।
স্থানীয় ৰাইজৰ লগতে আক্ৰাছূৱে চিকিৎসকজনৰ বদলিৰ দাবী জনাইছে ।
কভিড মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্চ কৰি চিকিৎসাত ব্ৰতি হোৱা চিকিৎসক গৰাকীৰ প্ৰতি উঠা অভিযোগ কিমান গ্ৰহনযোগ্য সেয়া সময়ে কব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here