বঙাইগাঁৱত কৃষকক ধানৰ বীজ বিতৰণ

0
75

বঙাইগাঁৱত কৃষকক ধানৰ বীজ বিতৰণ

শতাধিক কৃষকৰ মাজত বিতৰণ এই বীজ

আমাৰ সময়ঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত নাম্বাৰপাৰা তৃতীয় খণ্ডত প্ৰায় শতাধিক কৃষকৰ মাজত ধানৰ বীজ বিতৰণ । উল্লেখযোগ্য যে গাঁওখনৰ কৃষকসকলে অতি কষ্টেৰে ইৰি ধানৰ খেতি কৰিছিল যদিও ধানৰ পৰিৱৰ্তে ওলাল পতান । পিছত কৃষি বিভাগে পথাৰত উপস্থিত হৈ কৃষকৰ লগত মত বিনিময় কৰি ইৰি ধানবোৰৰ বীজ নিম্ন মানৰ হোৱা বুলি জানিব দিয়ে। ইৰি ধানৰ খেতি কৰা খেতিয়ক সকলে লোকচানৰ সম্মুখীন হোৱাৰ বাবে তেওঁলোকক সকাহ দিয়াৰ বাবে উত্তৰ শালমাৰা মহকুমা কৃষি বিভাগে নাম্বাৰপাৰা তৃতীয় খণ্ডৰ প্ৰায় শতাধিক কৃষকৰ মাজত ১০ কেজি কৈ ধানৰ বীজ বিতৰণ কৰে । কৃষি বিভাগৰ এনে পদক্ষেপক আদৰণীয় জনাইছে নাম্বাৰপাৰাৰ কৃষকসকলে।

কোকিলা, ইয়াছিন আলী ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here