বজালীত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

0
92

বজালীত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

হিউমেন ৰাইটচ্ ইন্টাৰনেশ্বনেল ফেডাৰেচনৰ উদ্যোগত এই কাৰ্যসূচী

আমাৰ সময়ঃ ভাৰত চৰকাৰৰ নীতি আয়োগৰ অধীনস্থ হিউমেন ৰাইটচ্ ইণ্টাৰনেচনেল ফেডাৰেচনৰ উদ্যোগত সপ্তাহজোৰা সজাগতা কাৰ্যসূচী । এই কার্যসূচীত কোভিড-১৯ প্ৰতিৰোধৰ বাবে বিনামূলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে । ইয়াৰ ওপৰিও কৰ’ণা টেষ্ট আৰু কৰ’ণা ভেকচিন লোৱাৰ ক্ষেত্ৰতো সজাগতাৰ সৃষ্টি কৰে উদ্যোক্তাসকলে । এই সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত মানৱ অধিকাৰ কৰ্মী অধ্যাপক ড০ দেৱান নজৰুল কাদিৰে ৷ তেখেতে মাস্ক বিতৰণ কৰি স্বাস্থ্য বিভাগৰ নীতি মানি চলি সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৰাইজক । কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক তথা হিউমেন ৰাইটচ্ ইন্টাৰনেশ্বনেল ফেডাৰেচনৰ বৰপেটা জিলাৰ কাৰ্যনিৰ্বাহক সদস্য সাংবাদিক ছাহেদ আলী আহমেদ, কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা হিউমেন ৰাইটছৰ কাৰ্যনিৰ্বাহক নুৰ হোছেইন,অসমীয়া সাহিত্য সন্মিলনীৰ বৰপেটা জিলাৰ সভাপতি তথা হিউমেন ৰাইটচৰ কাৰ্যনিৰ্বাহক সেখ ৰহমত উল্লাহ, কেন্দুগুৰিৰ ১ নং তৰুণ সংঘৰ উপদেষ্টা মনোৰঞ্জন পাটগিৰী আৰু সোমেশ্বৰ কলিতা আদি বহুতো লোক উপস্থিত থাকে ।
বজালী জিলাৰ মানৱ অধিকাৰ কৰ্মী ড০ ভৱেশ পাটগিৰী আৰু পাঠশালাৰ মানৱ অধিকাৰৰ সদস্য অমল চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত হিউমেন ৰাইটচ্ ইণ্টাৰনেশ্বনেল ফেডাৰেচনৰ কেইবাগৰাকী সদস্য উপস্থিতি থাকে ৷ সভাৰ শেষত বামাখাটা-কেন্দুগুৰি বজাৰত মাস্ক পৰিধান নকৰা লোকসকলক চেনিটাইজাৰ কৰি মাস্ক প্ৰদান কৰা হয় । বজাৰৰ সকলো ব্যৱসায়ীক স্বাস্থ্য বিভাগে জাৰি কৰা এছ অ’পি মানি সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় উদ্যোক্তাসকলে ।

বৰপেটা,সেখ ৰহমত উল্লাহ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here